Psalms 26

দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, মোৰ বিচাৰ কৰা,
কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ,
অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।
2হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা;
মোৰ হৃদয় আৰু মনক খপি চোৱা।
3কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে,
মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰো।

4প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই।

অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।
5মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ;
দুষ্ট লোকৰ লগত নবহো।

6হে যিহোৱা, মই মোৰ নির্দোষিতাত হাত ধুওঁ,

আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰো,
7যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰো;
তোমাৰ আচৰিত কৰ্ম্মবোৰ প্ৰচাৰ কৰিব পাৰো।
8হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা,
তোমাৰ গৌৰৱ সেই ঠাইত থাকে,
মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।

9পাপীসকলৰ লগত মোৰ প্ৰাণ লৈ নাযাবা;

ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।
10তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে;
তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।

11কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ;

মোক মুক্ত কৰা; মোক কৃপা কৰা।
মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে;
মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।
12

Copyright information for AsmULB